APSC CCE Syllabus in Assamese / এপিএছচি চিচিই পাঠ্যক্ৰম – Download PDF Now/ এতিয়াই PDF ডাউনলোড কৰক

Best APSC CCE Study Material (Prelims + Mains)
Best APSC CCE Study Material (Prelims + Mains)

১/ এ পি এছ চি চি চি ই প্ৰাৰম্ভিক পৰীক্ষাৰ পাঠ্যক্ৰম

১.১. সাধাৰণ অধ্যয়ন প্ৰশ্নকাকত ১

১) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সাম্প্ৰতিক পৰিঘটনা।

২) ভাৰতৰ ইতিহাস আৰু ভাৰতীয় জাতীয় আন্দোলন।

৩) ভাৰত আৰু বিশ্ব ভূগোল – ভাৰত আৰু বিশ্বৰ ভৌতিক, সামাজিক, অৰ্থনৈতিক ভূগোল।

৪) ভাৰতীয় ৰাজনীতি আৰু শাসন – সংবিধান, ৰাজনৈতিক ব্যৱস্থা, পঞ্চায়ত ব্যৱস্থা, ৰাজহুৱা নীতি, অধিকাৰ সম্পৰ্কীয় বিষয়সমূহ ইত্যাদি।

৫) অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন-বহনক্ষম উন্নয়ন, দৰিদ্ৰতা, অন্তৰ্ভুক্তিকৰণ, জনসংখ্যাগত বিষয়সমূহ, সামাজিক খণ্ডৰ পদক্ষেপসমূহ ইত্যাদি।

৬) পৰিৱেশ পৰিৱেশ বিজ্ঞান, জৈৱ-বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত সাধাৰণ বিষয়- যিবোৰৰ বিষয় বিশেষীকৰণৰ প্ৰয়োজন নাই।

৭) পৰিৱেশ জীববিদ্যা সম্পৰ্কীয়  বিষয়সমূহ, জৈৱ-বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তন – যিবোৰৰ বিশেষজ্ঞতাৰ প্ৰয়োজন নাই।

৮) সাধাৰণ বিজ্ঞান

বি:দ্ৰ: সাধাৰণ অধ্যয়ন প্ৰশ্নকাকত ১ ত ৩০-৩৫ শতাংশ প্ৰশ্ন অসম সম্পৰ্কীয় হব।

১.২. সাধাৰণ অধ্যয়ন প্ৰশ্নকাকত ২ – অসামৰিক সেৱাৰ যোগ্যতা পৰীক্ষা (CSAT)

১) বোধগম্যতা

২) সংযোগ কৌশলকে ধৰি আন্তঃব্যক্তিগত কৌশল ।

৩) যুক্তিসংগত বিচাৰ আৰু বিশ্লেষণাত্মক দক্ষতা ।

৪) সিদ্ধান্ত গ্ৰহণ আৰু সমস্যা সমাধান ।

৫) সাধাৰণ মানসিক দক্ষতা

৬) সাধাৰণ গণিত (সংখ্যা আৰু সিহঁতৰ পাৰস্পৰিক সম্পৰ্ক, বিস্তাৰৰ ক্ৰম আদি) (দশম শ্ৰেণীৰ স্তৰৰ), তথ্যৰ ব্যাখ্যা (চাৰ্ট, গ্ৰাফ, তালিকা, তথ্যৰ পৰ্যাপ্ততা আদি) (দশম শ্ৰেণীৰ স্তৰৰ)।

২/ এ পি এছ চি চি চি ই মুখ্য পৰীক্ষাৰ পাঠ্যক্ৰম

২. ১. ৰচনা

এ পি এছ চি ৱেবছাইটত বা অসম লোকসেৱা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (সংশোধনী) নিয়ম, ২০১৯ত কোনোধৰণৰ ‘ৰচনা পাঠ্যক্ৰম’ বিশেষভাৱে উল্লেখ কৰা হোৱা নাই। কেৱল তলত লিখা কথাটোয়ে লিখা আছে- “ প্ৰাৰ্থীয়ে এটা নিৰ্দিষ্ট বিষয়ত ৰচনা লিখিব লাগিব। বিষয়ৰ বাছনি দিয়া হ’ব।”

২.২. সাধাৰণ অধ্যয়ন ১: ভাৰতীয় ইতিহাস, ঐতিহ্য, সংস্কৃতি আৰু সমাজ আৰু বিশ্ব আৰু ভাৰতৰ ভূগোল

১) ভাৰতীয় সংস্কৃতি – প্ৰাচীন কালৰ পৰা আধুনিক যুগকাললৈ কলাৰ ৰূপসমূহ, সাহিত্য আৰু স্থাপত্যৰ উল্লেখযোগ্য দিশসমূহ ।

২) প্ৰায় অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈকে আধুনিক ভাৰতীয় ইতিহাস – উল্লেখযোগ্য ঘটনা, ব্যক্তিত্ব, বিষয়সমূহ।

৩) স্বাধীনতা সংগ্ৰাম — ইয়াৰ বিভিন্ন পৰ্যায় আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গুৰুত্বপূৰ্ণ অৱদানকাৰীসকল/অৱদানসমূহ।

৪) স্বাধীনোত্তৰ ভাৰতৰ একত্ৰীকৰণ আৰু পুনৰ গঠন।

৫) ভাৰতীয় সমাজৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ, ভাৰতৰ বিবিধতা।

৬) নাৰীৰ ভূমিকা আৰু মহিলা সংগঠনসমূহ, জনসংখ্যা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ, দৰিদ্ৰতা আৰু উন্নয়নমূলক বিষয়সমূহ, নগৰীকৰণ, ইয়াৰ সমস্যা আৰু প্ৰতিকাৰসমূহ।  

৭) ভাৰতীয় সমাজত গোলকীকৰণৰ প্ৰভাৱ।

৮) সামাজিক সবলীকৰণ, সাম্প্ৰদায়িকতাবাদ, আঞ্চলিকতাবাদ আৰু ধৰ্মনিৰপেক্ষতাবাদ।

৯) ভাৰত আৰু বিশ্বৰ ভৌতিক ভূগোলৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ। 

১০) (দক্ষিণ এছিয়া আৰু ভাৰতীয় উপমহাদেশসহিতে) বিশ্বৰ মূল প্ৰাকৃতিক সম্পদৰ বিতৰণ; (ভাৰতকে ধৰি) বিশ্বৰ বিভিন্ন ঠাইত  প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক খণ্ডৰ উদ্যোগসমূহৰ অৱস্থানৰ বাবে দায়বদ্ধ কাৰকসমূহ।

১১) গুৰুত্বপূৰ্ণ ভূ-ভৌতিক পৰিঘটনাসমূহ যেনে ভূমিকম্প, ছুনামী, আগ্নেয়গিৰিৰ কাৰ্যকলাপ, ঘূৰ্ণীবতাহ ইত্যাদি, ভৌগোলিক বৈশিষ্ট্যসমূহ আৰু এইবোৰৰ অৱস্থান – (জলভাগ আৰু হিমাৱৰণসহিতে) জটিল ভৌগোলিক বৈশিষ্ট্যসমূহ, উদ্ভিদ আৰু প্ৰাণীজগতত পৰিৱৰ্তন আৰু এনে পৰিৱৰ্তনৰ প্ৰভাৱ।

২.৩. সাধাৰণ অধ্যয়ন‐ ২: শাসন প্ৰণালী, সংবিধান, ৰাষ্ট্ৰব্যৱস্থা, সামাজিক ন্যায় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক

১) ভাৰতীয় সংবিধান — ঐতিহাসিক আধাৰ, বিৱৰ্তন, বৈশিষ্ট্যসমূহ, সংশোধনী, উল্লেখযোগ্য উপবন্ধসমূহ আৰু মৌলিক গাঁথনি।

২) কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ কাৰ্য্য আৰু দায়িত্ব, ফেডাৰেল গাঁথনিৰ সৈতে জড়িত বিষয় আৰু প্ৰত্যাহ্বানসমূহ, স্থানীয় পৰ্যায়লৈকে ক্ষমতা আৰু বিত্তৰ হস্তান্তৰকৰণ আৰু তাত থকা প্ৰত্যাহ্বানসমূহ।

৩) বিভিন্ন শাখাৰ মাজত ক্ষমতাৰ পৃথকীকৰণ, অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰু প্ৰতিষ্ঠানসমূহ।

৪) অন্য ৰাষ্ট্ৰৰ সৈতে ভাৰতীয় সাংবিধানিক আঁচনিৰ তুলনা ।

৫) সংসদ আৰু বিধানসভা—গাঁথনি, কাৰ্য্য সঞ্চালন, বৈধানিক প্ৰক্ৰিয়া, ক্ষমতা আৰু বিশেষাধিকাৰ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা বিষয়সমূহ।

৬) কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ গাঁথনি, সংগঠন আৰু কাৰ্য্য সঞ্চালন — চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহ; প্ৰভাৱ গোটসমূহ আৰু আনুষ্ঠানিক/অনানুষ্ঠানিক সংস্থা আৰু ৰাষ্ট্ৰব্যৱস্থাত এইসমূহৰ ভূমিকা।  

৭) জনপ্ৰতিনিধিত্ব আইনখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ।

৮) বিভিন্ন সাংবিধানিক পদসমূহৰ নিযুক্তি। বিভিন্ন সাংবিধানিক সংস্থাসমূহৰ ক্ষমতা, কাৰ্য্য সঞ্চালন আৰু দায়িত্ব।

৯) বিধিগত, নিয়ন্ত্ৰণমূলক আৰু বিভিন্ন অৰ্ধ-ন্যায়িক সংস্থাসমূহ।

১০) বিভিন্ন খণ্ডত উন্নয়নৰ বাবে চৰকাৰী নীতি আৰু হস্তক্ষেপসমূহ আৰু ইয়াৰ ডিজাইন আৰু ৰূপায়ণৰ পৰা উদ্ভৱ হোৱা সমস্যাসমূহ।

১১) উন্নয়ন প্ৰক্ৰিয়া আৰু উন্নয়ন উদ্যোগ — বেচৰকাৰী সংস্থাসমূহ, আত্মসহায়ক গোটসমূহ, বিভিন্ন গোট আৰু সংঘসমূহ, দাতাসকল, দাতব্য সংস্থাসমূহ, প্ৰতিষ্ঠানিক আৰু অন্যান্য অংশীদাৰৰ ভূমিকা। 

১২) দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ কল্যাণমূলক আঁচনিসমূহ আৰু এই আঁচনিসমূহৰ প্ৰদৰ্শন; এই দুৰ্বল শ্ৰেণীৰ লোকসকলৰ সুৰক্ষা আৰু উ ৎ কৰ্ষ সাধনৰ বাবে গঠন কৰা ব্যৱস্থা, আইন, প্ৰতিষ্ঠান আৰু সংস্থাসমূহ।

১৩) সামাজিক খণ্ডৰ/ স্বাস্থ্য, শিক্ষা, মানৱ সম্পদ সম্পকীয় সেৱাসমূহৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত বিষয়সমূহ।

১৪) অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামাজিক খণ্ডৰ/ স্বাস্থ্য, শিক্ষা, মানৱ সম্পদ সম্পকীয় সেৱাসমূহৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত বিষয়সমূহ, দৰিদ্ৰতা আৰু ক্ষুধাৰ সৈতে জড়িত থকা বিষয়সমূহ। 

১৫) শাসন ব্যৱস্থা, স্বচ্ছতা আৰু জবাবদিহিতা, ই-প্ৰশাসনৰ প্ৰয়োগ, আৰ্হি, সফলতা, সীমাবদ্ধতা, আৰু সম্ভাৱনাৰ গুৰুত্বপূৰ্ণ দিশসমূহ; নাগৰিকৰ ঘোষণা পত্ৰ, স্বচ্ছতা আৰু জবাবদিহিতা আৰু অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিষ্ঠানিক আৰু অন্যান্য ব্যৱস্থাসমূহ।

১৬) গণতন্ত্ৰত অসামৰিক সেৱাৰ ভূমিকা।

১৭) ভাৰত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক।

১৮) ভাৰতৰ সৈতে জড়িত আৰু/বা ভাৰতৰ স্বাৰ্থক প্ৰভাৱিত কৰা দ্বিপাক্ষিক, আঞ্চলিক আৰু বৈশ্বিক গোট আৰু চুক্তিসমূহ।

১৯) ভাৰতৰ স্বাৰ্থ, ভাৰতীয় প্ৰৱাসীসকলৰ ওপৰত উন্নত আৰু উন্নয়নশীল দেশসমূহৰ নীতি আৰু ৰাজনীতিৰ প্ৰভাৱ।

২০) গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, সংস্থা আৰু মঞ্চ- তেওঁলোকৰ গাঁথনি, আদেশ।

২.৪. সাধাৰণ অধ্যয়ন৩: প্ৰযুক্তিবিদ্যা, অৰ্থনৈতিক উন্নয়ন, জৈৱ বৈচিত্ৰ্য, পৰিৱেশ, নিৰাপত্তা আৰু দুৰ্যোগ ব্যৱস্থাপনা

১) ভাৰতীয় অৰ্থনীতি আৰু পৰিকল্পনা, সম্পদৰ সংগঠন, বিকাশ, উন্নয়ন আৰু নিয়োগ সম্পৰ্কীয় বিষয়সমূহ।  

২) সমন্বিত বিকাশ আৰু ইয়াৰ পৰা নিষ্কাষিত বিষয়সমূহ

৩) চৰকাৰী বাজেট প্ৰস্তুতিকৰণ । 

৪) প্ৰধান শস্যসমূহ – দেশৰ বিভিন্ন প্ৰান্তত শস্যৰ ধৰণ, বিভিন্ন ধৰণৰ জলসিঞ্চন আৰু জলসিঞ্চন ব্যৱস্থাসমূহ, কৃষিজাত সামগ্ৰীৰ মজুতকৰণ, পৰিবহণ আৰু বিপণন তথা সমস্যাৰাজি আৰু আনুষংগিক বাধাসমূহ; কৃষকৰ সহায়ৰ বাবে ই-প্ৰযুক্তিবিদ্যা।

৫) প্ৰত্যক্ষ আৰু পৰোক্ষ কৃষি ৰাজসাহায্য আৰু নূন্যতম সমৰ্থন মূল্যৰ সৈতে জড়িত বিষয়সমূহ; ৰাজহুৱা বিতৰণ ব্যৱস্থা – উদ্দেশ্য, কাৰ্য্যপ্ৰণালী, সীমাবদ্ধতা, পুনৰুজ্জীৱিতকৰণ; সুৰক্ষিত মজুত আৰু খাদ্য সুৰক্ষাৰ সৈতে বিষয়সমূহ; প্ৰযুক্তিগত অভিযানসমূহ; পশু পালনৰ অৰ্থনীতি।

৬) ভাৰতত খাদ্য সংসাধন আৰু আনুষংগিক উদ্যোগসমূহ- পৰিসৰ আৰু তাৎপৰ্য্য, অৱস্হিতি, পূৰ্বকালীন আৰু উত্তৰকালীন প্ৰয়োজনীয়তাসমূহ, যোগান শৃংখল ব্যৱস্থাপনা।

৭) ভাৰতত ভূমি সংস্কাৰ।

৮) অৰ্থনীতিৰ ওপৰত উদাৰীকৰণৰ প্ৰভাৱ, ঔদ্যোগিক নীতিৰ পৰিৱৰ্তন আৰু ঔদ্যোগিক বিকাশৰ ওপৰত ইয়াৰ প্ৰভাৱ।

৯) আন্তঃগাঁথনিঃ শক্তি, বন্দৰ, পথ, বিমানবন্দৰ, ৰেল ইত্যাদি।

১০) বিনিয়োগৰ আৰ্হিসমূহ।

১১) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা- বিকাশ আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগ আৰু প্ৰভাৱ। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ কৃতিত্ব;

১২) প্ৰযুক্তিবিদ্যাৰ স্বদেশীকৰণ আৰু নতুন প্ৰযুক্তিৰ বিকাশ।

১৩) তথ্য-প্ৰযুক্তি, মহাকাশ, কম্পিউটাৰ, ৰবটিক্স, নেন’-প্ৰযুক্তি, জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত সজাগতা আৰু বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ সৈতে জড়িত থকা বিষয়সমূহ।

১৪) সংৰক্ষণ, পৰিৱেশ প্ৰদূষণ আৰু অৱক্ষয়, পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন।

১৫) অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুৰ্যোগ আৰু দুৰ্যোগ ব্যৱস্থাপনা।

১৬) বিকাশ আৰু উগ্ৰবাদ প্ৰসাৰৰ মাজৰ সম্পৰ্ক।

১৭) আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰাত বাহ্যিক ৰাষ্ট্ৰ আৰু অনাৰাষ্ট্ৰীয় গোটৰ ভূমিকা।

১৮) যোগাযোগ নেটৱৰ্কৰ জৰিয়তে আভ্যন্তৰীণ সুৰক্ষাত প্ৰত্যাহ্বান, আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰত্যাহ্বানত সংবাদ মাধ্যম আৰু ছ’চিয়েল নেটৱৰ্কিং চাইটৰ ভূমিকা, চাইবাৰ সুৰক্ষাৰ মূল কথাসমূহ; কলাধন শোধন আৰু ইয়াৰ প্ৰতিৰোধ।

১৯) সীমান্ত অঞ্চলত নিৰাপত্তাজনিত প্ৰত্যাহ্বান আৰু ইয়াৰ ব্যৱস্থাপনা – অসমক গুৰুত্ব দি সন্ত্ৰাসবাদৰ সৈতে সংগঠিত অপৰাধৰ সম্পৰ্ক।

২০) বিভিন্ন নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহ আৰু ইয়াৰ কাৰ্যভাৰ।

২.৫. সাধাৰণ অধ্যয়ন৪: নৈতিকতা, অখণ্ডতা আৰু অভিৰুচি

১) নৈতিকতা আৰু মানৱ আন্তঃপৃষ্ঠ – মানৱীয় কাৰ্য্যকলাপত নৈতিকতাৰ সাৰমৰ্ম, নিৰ্ণায়ক আৰু পৰিণতি; ব্যক্তিগত আৰু সামাজিক সম্বন্ধত নৈতিকতা ।

২) মানৱীয় মূল্যবোধ – মহান নেতা, সংস্কাৰক আৰু প্ৰশাসকসকলৰ জীৱন তথা উপদেশৰ পৰা প্ৰাপ্ত শিক্ষা; মূল্যবোধৰ বিকাশত পৰিয়াল, সমাজ আৰু শিক্ষানুষ্ঠানৰ ভূমিকা।

৩) মনোবৃত্তি – বিষয়বস্তু, গঠন, কাৰ্য্য; চিন্তা আৰু আচৰণৰ সৈতে ইয়াৰ প্ৰভাৱ আৰু সম্পৰ্ক; নৈতিক আৰু ৰাজনৈতিক মনোবৃত্তি; সামাজিক প্ৰভাৱ আৰু পতিয়ন।

৪) অসামৰিক সেৱাৰ বাবে অভিৰুচি আৰু বুনিয়াদী মূল্যবোধসমূহ – অখণ্ডতা, পক্ষপাতহীনতা, নিৰপেক্ষতা, নৈৰ্ব্যক্তিকতা, জনসেৱাৰ প্ৰতি সৰ্মপণ, সহানুভূতি, সহনশীলতা দুৰ্বল শ্ৰেণীৰ প্ৰতি সংবেদনা ।

৫) আৱেগিক বুদ্ধিমত্তা- ধাৰণা, প্ৰশাসন আৰু শাসন ব্যৱস্থাত ইয়াৰ উপযোগিতা আৰু প্ৰয়োগ।

৬) ভাৰত তথা বিশ্বৰ নৈতিক চিন্তাবিদ আৰু দাৰ্শনিকসকলৰ অৱদান।

৭) জন/অসামৰিক সেৱাৰ মূল্যবোধসমূহ আৰু জন প্ৰশাসনত নৈতিকতা – স্হিতি আৰু সমস্যাসমূহ; চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ নৈতিক উদ্বেগ আৰু দ্বিধাদ্বন্দ্ব; আইন, নিয়ম, নিয়মাৱলীসমূহ আৰু নৈতিক নিৰ্দেশনাৰ উৎস হিচাপে বিবেক; জবাবদিহিতা আৰু নৈতিক শাসন; শাসন ​​ব্যৱস্থাত নৈতিক আৰু নৈতিক মূল্যবোধ শক্তিশালী কৰা; আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু পুঁজিৰ ক্ষেত্ৰত নৈতিক বিষয়সমূহ; ব্যৱসায়িক শাসন ব্যৱস্হা।

৮) শাসন ​​ব্যৱস্থাত সততা – জনসেৱাৰ ধাৰণা; শাসন ​​আৰু সততাৰ দাৰ্শনিক ভিত্তি; চৰকাৰত তথ্য বিনিময় আৰু স্বচ্ছতা, তথ্যৰ অধিকাৰ, নৈতিকতা বিধি, আচৰণ বিধি, নাগৰিকৰ ঘোষণা পত্ৰ, কৰ্ম সংস্কৃতি, সেৱা প্ৰদানৰ গুণগত মান, ৰাজহুৱা ধনৰ ব্যৱহাৰ, দুৰ্নীতিৰ প্ৰত্যাহ্বান।

৯) উপৰুক্ত বিষয়সমূহৰ ভিত্তিত ঘটনা অধ্যয়ন।

২.৬. সাধাৰণ অধ্যয়ন৫: অসমৰ ইতিহাস, ঐতিহ্য, সংস্কৃতি, ভূগোল, শাসন প্ৰণালী, ৰাষ্ট্ৰব্যৱস্থা, সামাজিক ন্যায়, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, অৰ্থনৈতিক উন্নয়ন, জৈৱ-বৈচিত্ৰ্য, পৰিৱেশ, সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনা

১) অসমৰ ইতিহাস, কলা, সংস্কৃতি, সাহিত্য, পৰম্পৰা আৰু ঐতিহ্য

অসমৰ ইতিহাসৰ প্ৰধান ঘটনাৰাজি, প্ৰধান ৰাজবংশসমূহ, ইয়াৰ প্ৰশাসনিক আৰু ৰাজহ ব্যৱস্থা, সামাজিক-সাংস্কৃতিক বিষয়সমূহ, স্বাধীনতা আন্দোলন, ৰাজনৈতিক জাগৰণ আৰু সংহতি, স্থাপত্য আৰু কীৰ্তিচিহ্নসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ, কলা, চিত্ৰ আৰু হস্তশিল্প, সাহিত্যৰ গুৰুত্বপূৰ্ণ কৰ্মৰাজি, মেলা, উৎসৱ, লোকসংগীত আৰু লোকনৃত্য, সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য, ধৰ্মীয় আন্দোলনসমূহ, অগ্ৰণী ব্যক্তিত্বসকল।  

২) অসমৰ ভূগোল

ব্যাপক ভৌতিক বৈশিষ্ট্যসমূহ, প্ৰধান ভৌতিক বিভাগসমূহ, অসমৰ প্ৰাকৃতিক সম্পদ, জলবায়ু, প্ৰাকৃতিক গছ-গছনি, বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্য, খনি আৰু খনিজ পদাৰ্থ, জনসংখ্যা আৰু প্ৰধান উদ্যোগসমূহ। 

৩) অসমৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভা, উচ্চ ন্যায়ালয়, অসম লোকসেৱা আয়োগ, জিলা প্ৰশাসন, ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, ৰাজ্যিক নিৰ্বাচন আয়োগ, ৰাজ্যিক সূচনা আয়োগ, লোক নীতি, আইনী অধিকাৰ আৰু নাগৰিকৰ ঘোষণা পত্ৰ।

৪) অসমৰ অৰ্থনীতি

অৰ্থনীতিৰ সমষ্টিবাদী আভাস, কৃষি, উদ্যোগ আৰু সেৱাখণ্ডৰ লগত জড়িত বিষয়সমূহ, বিকাশ, উন্নয়ন আৰু পৰিকল্পনা, আন্তঃগাঁথনি আৰু সম্পদসমূহ, প্ৰধান উন্নয়নশীল প্ৰকল্পসমূহ, কাৰ্যসূচী আৰু আঁচনিসমূহ – অনুসূচিত জনগোষ্ঠী/জাতি/পিছপৰা শ্ৰেণী/সংখ্যালঘু/বিশেষভাৱে সক্ষম ব্যক্তি, নিঃস্ব, মহিলা, শিশু, বৃদ্ধ, কৃষক আৰু শ্ৰমিকসকলৰ বাবে চৰকাৰী কল্যাণ আঁচনিসমূহ ।

৫) অসমৰ ওপৰত প্ৰাসংগিক গুৰুত্ব আৰোপ কৰি জৈৱ বৈচিত্ৰ্য, পৰিবেশ, সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনা।

৩. এ পি এছ চি চি চি ই ব্যক্তিত্ব পৰীক্ষাৰ পাঠ্যক্ৰম

ব্যক্তিত্ব পৰীক্ষাৰ বাবে এ পি এছ চিৰ ৱেবছাইট বা অসম লোকসেৱা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (সংশোধনী) নিয়ম, ২০১৯ত কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম দিয়া হোৱা নাই। কিন্তু তলত দিয়া বৰ্ণনাটো অসম লোকসেৱা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (সংশোধনী) নিয়ম, ২০১৯ত লিখা হৈছে –

“প্ৰাৰ্থীজনক এনে এখন ব’ৰ্ডে সাক্ষাৎকাৰ ল’ব, যাৰ সন্মুখত তেওঁৰ কেৰিয়াৰৰ ৰেকৰ্ড থাকিব। সাধাৰণ জ্ঞানৰ বিষয়সমূহত তেওঁক প্ৰশ্ন কৰা হ’ব। সাক্ষাৎকাৰৰ উদ্দেশ্য হৈছে দক্ষ আৰু নিৰপেক্ষ পৰ্যবেক্ষকৰ ব’ৰ্ডৰ দ্বাৰা লোকসেৱাত কেৰিয়াৰৰ বাবে প্ৰাৰ্থীজনৰ ব্যক্তিগত উপযুক্ততা মূল্যায়ন কৰা। এই পৰীক্ষাৰ উদ্দেশ্য হৈছে এজন প্ৰাৰ্থীৰ মানসিক ক্ষমতা বিচাৰ কৰা। বহলভাৱে ক’বলৈ গ’লে এই পৰীক্ষা কেৱল তেওঁৰ বৌদ্ধিক গুণৰ মূল্যায়নেই নহয়, সামাজিক বৈশিষ্ট্য আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি তেওঁৰ আগ্ৰহৰ মূল্যায়ন কৰা। বিচাৰ কৰিবলগীয়া কিছুমান গুণ হ’ল মানসিক সজাগতা, আত্মসাৎৰ সমালোচনাত্মক ক্ষমতা, স্পষ্ট আৰু যুক্তিসংগত বৰ্ণনা, বিচাৰৰ ভাৰসাম্য, আগ্ৰহৰ বৈচিত্ৰ্য আৰু গভীৰতা, সামাজিক সংহতি আৰু নেতৃত্বৰ ক্ষমতা, বৌদ্ধিক আৰু নৈতিক অখণ্ডতা ।

সাক্ষাৎকাৰটোত কঠোৰ ক্ৰছ-একজামিনেচন নহয়, বৰঞ্চ স্বাভাৱিক যদিও নিৰ্দেশিত আৰু উদ্দেশ্যপ্ৰণোদিত কথোপকথনৰ জৰিয়েত প্ৰাৰ্থীৰ মানসিক গুণসমূহ উন্মোচন কৰা। সাক্ষাৎকাৰ পৰীক্ষাটো পৰীক্ষাৰ্থীসকলৰ বিশেষ বা সাধাৰণ জ্ঞানৰ পৰীক্ষা নহয় যিটো ইতিমধ্যে তেওঁলোকৰ লিখিত পৰীক্ষাৰ জৰিয়তে পৰীক্ষা কৰা হৈ গৈছে। ব্যক্তিত্ব পৰীক্ষাত প্ৰাৰ্থীসকলে কেৱল তেওঁলোকৰ শৈক্ষিক অধ্যয়নৰ বিশেষ বিষয়সমূহৰ প্ৰতিয়েই নহয়, নিজৰ ৰাজ্য বা দেশৰ ভিতৰত আৰু বাহিৰত তেওঁলোকৰ চাৰিওফালে ঘটি থকা পৰিঘটনাসমূহৰ লগতে আধুনিক চিন্তাৰ সোঁত আৰু সুশিক্ষিত যুৱক-যুৱতীসকলৰ কৌতুহল জগাই তুলিব পৰা নতুন আৱিষ্কাৰসমূহৰ প্ৰতিও বুদ্ধিমান আগ্ৰহ প্ৰকাশ কৰাটো আশা কৰা হৈছে।”

✨ APSC Prelims Crash Course, 2025
at most affordable rate in Assam!

APSC CCE Online Coaching, 2026
APSC CCE Online Coaching, 2026

🔔 Join Our WhatsApp Study Group!

For exclusive access to premium quality content, including study materials, current affairs, MCQs, and model answers for APSC CCE and other Assam competitive exams.

Click here to join: SuchitraACS Study WhatsApp Group

📚 Want to know more about SuchitraACS’s most affordable courses?

Click here to know more: SuchitraACS Courses for APSC CCE and Assam Competitive Examinations

0 0 votes
Article Rating
Subscribe
Notify of
guest
14 Comments
Oldest
Newest Most Voted
Takdir Ali
Takdir Ali
1 year ago

I am interested.

Bindiya Devi
Bindiya Devi
3 months ago
Reply to  Takdir Ali

Assamese medium ২০২৬ r sallybus to dibo

Sukanya Dehingia
Sukanya Dehingia
2 months ago
Reply to  Bindiya Devi

বাইদেউ Apsc syllabus টো দিব নেকি ??

Rubi kar
Rubi kar
1 year ago

Please kindly send APSC Assamese medium syllabus

Sushmita roy
Sushmita roy
6 months ago

Apsc Assamese medium syllabus

Sri Debasish nath
Sri Debasish nath
6 months ago
Reply to  Rubi kar

I need apsc question answer in Assamese language

ত্ৰৈলোক্য ডেকা
ত্ৰৈলোক্য ডেকা
1 year ago

অসমীয়া মাধ্যমত লিখিবলৈ আগ্ৰহী পৰীক্ষাৰ্থী সকল নিশ্চয় উপকৃত হ’ব।

Usharani hazarika
Usharani hazarika
1 year ago

I am interested

Lakhima gogoi
Lakhima gogoi
10 months ago

Any assamese medium book is there or not for cce

Akhtar Hussain Talukdar
Akhtar Hussain Talukdar
8 months ago

I’m highly interested